যুৱতীক অপৰহণৰ চেষ্টা চলাই গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱানসহ ৬ জন

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হ’ল নাৰীজনিত ঘটনা।

এইবাৰ এগৰাকী যুৱতীক ইউটিউবত জনপ্ৰিয় কৰি তােলাৰ প্ৰলােভনেৰে অপহৰণৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী হ’ল গৃহৰক্ষী জােৱানসহ ৬ জন লােক।

এই ঘটনাৰ স্থান ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা। অৱশ্যে দৈৱক্ৰমে অপহৰণকাৰীৰ কবলৰ পৰা ৰক্ষা পৰে যুৱতীগৰাকী।

জানিব পৰা মতে, সৰলপাৰাৰ এগৰাকী যুৱতীক ভোটগাঁৱৰ মহম্মদ ফাৰুকৰ নেতৃত্বত ছজনীয়া অপৰহণকাৰীৰ দল এটাই অপহৰণ কৰিব বিচাৰোতেই স্থানীয় ৰাইজৰ সজাগতাৰ বাবে দৈৱক্ৰমে ৰক্ষা পৰে যুৱতীগৰাকী।

প্ৰাপ্ত বাতৰি মতে, মহম্মদ ফাৰুকে প্ৰথমে সামজিক মাধ্যমত যুৱতীগৰাকীৰ স’তে বন্ধুত্ব গঢ়ি তোলে। নৃত্য-গীতত পাৰ্গত যুৱতীগৰাকীক ইউ টিউবত বিখ্যাত কৰি তোলাৰ ফুচুলনিৰে যুৱকৰ দলটোৱে যুৱতীগৰাকীক এখন বলেৰ’ত উঠাই ভাৰত-ভূটান সীমান্তৰ দিশে ধাৱমান হয়।

স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি কৌশলেৰে তেওঁলোকক আটক কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে।

পৰিয়ালৰ অজ্ঞাতে যুৱতীগৰাকীক এনেদৰে অজ্ঞাত স্থানলৈ নি শ্বুটিঙৰ ভুৱা প্ৰলোভন দেখুওৱা লম্পট যুৱকৰ দলটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰিছে।

ৰহস্যজনকভাৱে উক্ত দলটোৰ সৈতে এগৰাকী গৃহৰক্ষী জোৱানো জড়িত হৈ আছিল।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰে ঘটনাৰে সৈতে জড়িত ছজনক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰি ঘটনাটোৰ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে।

Leave a Comment