অৰুণাচল প্ৰদেশঅসমীয়া

ৰাজভৱনত অসমৰ শিক্ষাৰ্থীৰে মত-বিনিময় অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ

নিউজ ডেস্ক। তিনিচুকীয়া স্থিত জ্ঞানংগুছ আবাসিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত এক মত বিনিময় অনুস্থানত অংশগ্ৰহণ কৰে অৰুনাচলৰ ৰাজ‍্যপাল ডাঃ বি ডি মিশ্ৰাই।

বিদ্যালয়খনৰ কৰ্মচাৰীৰ সৈতে মুঠ ১১০ জন শিক্ষাৰ্থীয়ে ৰাজ্যপাল আৰু তেওঁৰ পত্নী নীলম মিশ্ৰাক ৰাজভৱনত সাক্ষাৎ কৰিবলৈ আহিছিল।

FNpxos6aQAAKcAy

শিক্ষাৰ্থীসকলক সম্বোধন কৰি ৰাজ্যপালে তেওঁলোকক ভালদৰে পঢ়িবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু শৃংখলাবদ্ধ হ’বলৈ পৰামৰ্শ দিয়ে।

তেওঁলোকক বিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা ভাল সুবিধাৰ পৰা সৰ্বাধিক লাভালাভ আদায় কৰি ভাল নাগৰিক হ’বলৈ উপদেশ দিয়ে ।

FNpxdJ5aMAI3AWz

তেখেতে শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ, জাতীয়তাবাদী মনোভাৱেৰে নৈতিক চৰিত্ৰ আৰু সৌহাৰ্দ্য বজাই ৰাখিবলৈ নিজকে প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

FNpxc90acAMfxUD

তেওঁ দৰিদ্ৰ শিশুসকলক বিনামূলীয়া শিক্ষা আৰু আশ্ৰয় প্ৰদান কৰাৰ বাবে পূৰ্বোত্তৰ বিকাশ পৰিষদ আৰু বিদ্যালয়খনৰ শিক্ষক আৰু কৰ্মচাৰীসকলক প্ৰশংসা কৰে।

দিনটোৰ শেষত, শিক্ষাৰ্থীসকলে ৰাজভৱন চৌহদ পৰিদৰ্শন কৰে আৰু তাত নিয়োজিত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ বিষয়া আৰু জোৱানসকলৰ দ্বাৰা ৰাজভৱনত ৰাষ্ট্ৰীয় পতাকা নমোৱা অনুষ্ঠান প্ৰত্যক্ষ কৰে।

উল্লেখ‍্য যে জ্ঞানংগুছ আৱাসিক বিদ্যালয় পূৰ্বোত্তৰ বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত, যি সমগ্ৰ অসমৰ অনাথ শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰে। অৰুণাচল শিক্ষা বিকাশ সমিতিয়ে তেওঁলোকক তিনিদিনীয়া ৰাজ্য ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *