অসম

লখিমপুৰত ১৪ কেজি ওজনৰ কাছ উদ্ধাৰ…

লখিমপুৰত ১৪ কেজি ওজনৰ কাছ উদ্ধাৰ।

লখিমপুৰ জিলাৰ খেৰাজখাত জিলা পৰিষদৰ ১নং মটীয়া অঞ্চলত এটা চেনেল কাটিঙৰ কাম কৰি থকাৰ সময়তে উদ্ধাৰ হয় ১৪ কিলোগ্রাম ওজনৰ এটা কাছটো।

উল্লেখ্য, আঘাতপ্রাপ্ত অৱস্থাত পোৱা কাছটো স্থানীয় ৰাইজে যথেষ্ট প্রতিপালন কৰে।

পিছত লখিমপুৰ জিলা পৰিষদৰ উপাধ্যক্ষা ৰূপা পাঠক নেওগৰ তত্ত্বাৱধানত হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ বনপালক ৰাতুল মহন্ত আৰু মানসপ্রতীম গোস্বামীৰ উপস্থিতিত মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত এৰি দিয়ে।

এইক্ষেত্ৰত সহযোগ কৰে স্থানীয় যুৱক জিতু শ‍ইকীয়া, জয়ন্ত বৰা আৰু দিলীপ শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *