অসমত নিয়োগ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আলফা স্বাধীনে।
অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰাম্বাৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক হিংসাৰ পন্থা পৰিহাৰ কৰি শান্তি আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই থকাৰ সময়তে আলফা স্বাধীনলৈ নতুন নতুন যুৱক-যুৱতী গমন কৰা কাৰ্য্যই সকলোকে চিন্তিত কৰি তুলিছে।

ধেমাজি জিলাৰ কোৱাফলাৰ মেধাৱী ছাত্ৰ প্ৰাৰ্থজিত কোঁৱৰ আলফাত যোগদানৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কোৱাফলাৰ মেধাৱী ছাত্ৰ প্ৰাৰ্থজিত কোঁৱৰ আলফাত যোগদানক লৈ পৰিয়ালৰ মাজত হুৱা-দুৱা লাগিছে।
মেধা যুৱক প্ৰাৰ্থজিৎ কোঁৱৰ ধেমাজিৰ কৃষি বিভাগৰ ৰাষ্ট্ৰীয় কৃষি বিভাগ যোজনাৰ কৰ্মচাৰী আছিল।
২৩ বছৰীয়া প্ৰাৰ্থজিৎ কোঁৱৰ ফুলেশ্বৰ কোঁৱৰৰ একমাত্ৰ পুত্ৰ সন্তান।
প্ৰাৰ্থজিতক উভতাই দিবলৈ পিতৃ-মাতৃৰ আহ্বান আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক।
লগতে চাওকঃ










