NE

১ ছেপ্তেম্বৰৰ পৰা অসমৰ শিক্ষানুষ্ঠান সমূহ খুলি দিয়াৰ সম্ভাৱনা- শিক্ষামন্ত্ৰী…

১ ছেপ্তেম্বৰৰ পৰা অসমৰ শিক্ষানুষ্ঠান সমূহ খুলি দিয়াৰ সম্ভাৱনা।

অৱশ্যে সকলো শ্ৰেণীৰ পাঠদান নহয়, নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণী সমূহ খুলি দিয়াৰ সম্ভাৱনা।

শিক্ষামন্ত্ৰী ৰণোজ পেগুই সদৰি কৰিছে এই কথা।

ইতিমধ্যে এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ পৰা সেউজ সংকেত লাভ কৰাৰ কথাও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

কলেজ সমূহৰো চূড়ান্ত শ্ৰেণী সমূহ খুলি দিয়াৰ পৰিকল্পনা।

ইপিনে বিশ্ববিদ্যালয় সমূহে নিজাকৈ UGC ৰ গাইড লাইন অনুসৰি পাঠদান আৰম্ভ কৰিব পাৰিব বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ।

আনহাতে মেট্ৰিকৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীয়ে কয়- ‘বৰ্তমানলৈকে পৰীক্ষাৰ ৰিজাল্টক লৈ সন্তুষ্ট সকলো’। আজিৰ পৰীক্ষাৰ ৰিজাল্টক বৰ্তমানলৈকে সন্তুষ্ট শিক্ষাৰ্থী, অভিভাৱক, বিদ্যালয় সমূহ।

লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো জয়ায় যে, যদি কোনো শিক্ষাৰ্থীৰ অভিযোগ থাকে তেনেহ’লে আবেদন কৰি বহিব পাৰিব শিক্ষা বিভাগে অনুষ্ঠিত কৰিব লগীয়া বিকল্প পৰীক্ষাত।

শিক্ষামন্ত্ৰীয়ে কয়- এইবাৰ বৃদ্ধি পালে মেট্ৰিকত উৰ্তীৰ্ণৰ হাৰ। পৰীক্ষাভিত্তিত দিয়া ৰিজাল্ট নহয়, তথ্যৰ ভিত্তিত দিয়া হৈছে গতিকে উৰ্তীৰ্ণ হাৰ বৃদ্ধি পাবই। নৱম শ্ৰেণীৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি ৰিজাল্ট দিয়া হৈছে গতিকে নৱম শ্ৰেণীত ফেইল নকৰে সেইহেতু উৰ্তীৰ্ণ হাৰ বৃদ্ধি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *