অৰুণাচল প্ৰদেশ

আৰক্ষী-আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত নিহত ২ দুৰ্ধৰ্ষ NSCN (K-YA) উগ্ৰপন্থী

নিউজ ডেস্ক। পুনৰ NSCN (K) উগ্ৰপন্থীৰ সৈতে তুমুল সংঘৰ্ষ আছাম ৰাইফলছৰ।

এইবাৰ ঘটনাৰ স্থান অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তৱৰ্তী টিৰাপ জিলাৰ অতি দুৰ্গম অঞ্চল লমল’বস্তি।

জানিব পৰা মতে, উক্ত ঠাইত অস্থায়ী শিৱিৰ পাতি NSCN (K) ৰ য়ুং-অং (YA) গােট শিবিৰটোৰ পৰাই টিৰাপ ক’লাম, লমল’, কলাগাঁও আৰু লামচা গাঁৱৰ একাংশ লোকৰ পৰা ধন সংগ্ৰহৰ অভিযানত নামি পৰিছিল।

এই খবৰ লাভ কৰাৰ পিছত আছাম ৰাইফলছে নগা বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰে দুপৰীয়া পৰ্যন্ত চলা অভিযানত অভিযানকাৰী আছাম ৰাইফলছে নগা বিদ্ৰোহী সংগঠনটোত শিৱিৰত থকা দুটা নগা বিদ্ৰোহীক গুলীয়াই নিহত কৰে।

অৱশ্যে, ঘন অৰণ্যৰ সুযোগ লৈ সংঘৰ্ষস্থলীৰ পৰা ৰকি থাপাই পলায়ন কৰিবলৈ সক্ষম হয়।

সংঘৰ্ষস্থালীৰ পৰা অভিযানকাৰী আছাম ৰাইফলছে এটা এম কিউ ৰাইফল, এটা এম ১৬ ৰাইফল, দেশীয়ভাৱে নিৰ্মিত দুটা গান, ৩ টা আৰ পি জি বুজন পৰিমাণৰ গুলী, চাইনিজ গ্ৰেনেড ভাৰতীয় আৰু ম্যানমাৰৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *