স্বাধীনতা দিৱস উপলক্ষে বিনামূলীয়া টেম্পাে সেৱাৰে ইটানগৰত চৰ্চিত হৈছে অসমৰ যুৱক

নিউজ ডেস্ক। আজি দেশজুৰি উদযাপন কৰা হৈছে স্বাধীনতা দিৱস।

বিভিন্ন ব্যক্তি, দল-সংগঠনে বিভিন্ন কাৰ্যসূচীৰে দেশৰ স্বাধীনতা লাভৰ এই পৱিত্ৰ দিনটাে উদযাপন কৰিছে।

তেনে সময়তে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত ৰাইজৰ বাবে বিনামূলীয়া টেম্পাে সেৱাৰে চৰ্চা লাভ কৰিছে অসমৰ এজন যুৱকে।

এই যুৱকজন হৈছে মহম্মদ মজহাৰুল ইছলাম ওৰফে মাইনা।

p2
স্বাধীনতা দিৱস উপলক্ষে বিনামূলীয়া টেম্পাে সেৱাৰে ইটানগৰত চৰ্চিত হৈছে অসমৰ যুৱক 4

এই যুৱকজন অসমৰ লখিমপুৰ জিলাৰ বাসিন্দা।

এই যুৱ টেম্পাে চালকজনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আন একাংশ টেম্পাে চালকেও ১৫ আগষ্টৰ দিনটােত ৰাইজৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ টেম্পাে সেৱা প্ৰদান কৰিছে।

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়েও তেওঁলােকৰ এই সেৱাৰ মনােভাৱত যেন কােনাে প্ৰভাৱ পেলাব পৰা নাই।

p1 1
স্বাধীনতা দিৱস উপলক্ষে বিনামূলীয়া টেম্পাে সেৱাৰে ইটানগৰত চৰ্চিত হৈছে অসমৰ যুৱক 5

স্বাধীনতা দিৱস উপলক্ষে এই টেম্পাে চালকসকলৰ এনে মহৎ কাৰ্যই স্থানীয় সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতাে ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

p3
স্বাধীনতা দিৱস উপলক্ষে বিনামূলীয়া টেম্পাে সেৱাৰে ইটানগৰত চৰ্চিত হৈছে অসমৰ যুৱক 6

এই বিষয়ে সাংবাদিকৰে হােৱা বাৰ্তালাপত মজহাৰুল ইছলাম (মাইনা) নামৰ টেম্পাে চালকজনে কয়, ‘মই ভাৰতীয় সেনাত ভৰ্তি হৈ দেশৰ সেৱা কৰাৰ সপােন দেখিছিলাে, কিন্তু সেই সপােন আধৰুৱা হৈ ৰ’ল যদিও বিকল্প পন্থাৰে এতিয়াও দেশবাসীৰ সেৱা কৰিবলৈ মই সাজু। সেয়ে স্বাধীনতা দিৱস উপলক্ষে প্ৰতি বছৰে বিনামূলীয়া টেম্পাে সেৱা প্ৰদান কৰাৰ সংকল্প লৈছো’।

ইপিনে, অৰুণাচল প্ৰদেশৰ লেপাৰাডা জিলাৰ বাসিন্দা তথা ইটানগৰৰ টেম্পাে চালক মৰতাে জিৰদােৱে কয়,’মজহাৰুলৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই অন্য টেম্পাে চালকসকলেও বিনামূলীয়া সেৱা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ জৰিয়তে ৰাইজৰ লগত টেম্পাে চালকসকলক ভাল সম্পৰ্ক প্ৰতিষ্ঠা হ’ব বুলিও তেওঁলােকে আশা কৰিছে।

মৰতাে জিৰদােৱে কয়, বহিঃৰাজ্যত উত্তৰ পূবৰ লােকক একাংশ লােকে দুৰ্ব্যৱহাৰ কৰে। কিন্তু প্ৰকৃততে আমিও ভাৰতে অংশ আৰু দেশবাসীয়ে আমাক ভাতৃৰ দৰে ব্যৱহাৰ অপেক্ষা কৰাে।