৩৮ বছৰে মাতৃয়ে দুই কন্যাক কৈ অহা মিছা কথাষাৰেই অৱশেষত সঁচা প্ৰমাণিত হ’ল! ১৫ আগষ্টৰ প্ৰাকক্ষণত ঘৰলৈ উভতিল শ্বহীদ সেনা জোৱান চন্দ্ৰশেখৰ…

নিউজ ডেস্কঃ সুদীৰ্ঘ ৩৮ বছৰ! ১৯৮৪ চনৰ ২৯ মে’ত ছিয়াচেনৰ পৰা নিৰুদ্দেশ হৈছিল ভাৰতীয় সেনাৰ লেন্স নায়ক চন্দ্ৰশেখৰ হাৰবোলা। সেই সময়ত তেওঁৰ ডাঙৰ কন্যাৰ বয়স আছিল চাৰে চাৰি বছৰ। সৰু কন্যাৰ বয়স তেতিয়া মাত্ৰ ডেৰ বছৰ।

দেশৰ হকে যুঁজিবলৈ গৈ সন্ধানহীন হোৱা পিতৃৰ বিষয়ে তেতিয়া দুই কন্যাই একোকে জনা নাছিল। কিন্তু লাহে লাহে যেতিয়া তেওঁলোক ডাঙৰ হৈ আহিল, তেতিয়া এটা প্ৰশ্নৰ দিবলৈ গৈ বাৰে বাৰে উচুপি উঠিবলগীয়া হ’ল মাতৃ শান্তি দেৱী।

‘দেউতা কেতিয়া আহিব?’ – দুই কন্যাৰ এই প্ৰশ্নৰ প্ৰকৃত উত্তৰ কাহানিও নাছিল চন্দ্ৰশেখৰৰ পত্নী শান্তি দেৱীৰ হাতত। কিন্তু তথাপিও তেওঁ নিজক আৰু দুই কন্যাক সান্তনা দিছিল- এইবাৰ ১৫ আগষ্টত তেওঁ উভতি আহিব…!

photo1660549921
৩৮ বছৰে মাতৃয়ে দুই কন্যাক কৈ অহা মিছা কথাষাৰেই অৱশেষত সঁচা প্ৰমাণিত হ’ল! ১৫ আগষ্টৰ প্ৰাকক্ষণত ঘৰলৈ উভতিল শ্বহীদ সেনা জোৱান চন্দ্ৰশেখৰ… 4

কেইবাটাও ১৫ আগষ্ট যেন ধুমুহাৰ গতিৰে পাৰ হৈ গ’ল! লাহে লাহে ডাঙৰ হ’ল কন্যা কবিতা আৰু ববিতা। হায়াৰ চেকণ্ডাৰী সম্পূৰ্ণ কৰিয়েই বিয়াত বহিল কবিতাই। তাৰ পিছতে বিএছচি সম্পূৰ্ণ কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে ববিতাইও। কিন্তু তেওঁলোকৰ পিতৃ ঘূৰি নাহিল!

এইবাৰ আকৌ ১৫ আগষ্ট আহিছে। কিন্তু বিগত ৩৮ বছৰে নিজৰ দুই সন্তানক কৈ অহা মিছা কথাষাৰ যেন এইবাৰ সঁচা হৈ পৰিল। এইবাৰ ১৫ আগষ্টত সমগ্ৰ দেশজুৰি আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সময়তে ঘৰলৈ উভতিল ১৯৮৪ চনৰ পৰা অন্তৰ্ধান হৈ থকা ভাৰতীয় সেনাৰ লেন্স নায়ক চন্দ্ৰশেখৰ হৰবোলা!

উল্লেখ্য যে, ১৯৮৪ চনৰ অপাৰেশ্যন মেঘদুতৰ অধীনত বিশ্বৰ আটাইতকৈ দুৰ্গম যুদ্ধক্ষেত্ৰ ছিয়াচেন হিমবাহত কৰ্তব্যৰত আছিল ১৯ কুমাওন ৰেজিমেণ্টৰ ব্ৰাভো কোম্পানীৰ জোৱান চন্দ্ৰশেখৰ হৰবোলা। পাক সেনাই ছিয়াচেন হিমবাদ দখল কৰাৰ তথ্য লাভ কৰাৰ পিছতে লেফটেনেন্ট পি এছ পুন্দিৰৰ নেতৃত্বত ১৬ গৰাকী জোৱানে শ্ৰীনগৰৰ পৰা খোজকাঢ়ি ছিয়াচেনলৈ ৰাওনা হৈছিল।

photo1660549932
৩৮ বছৰে মাতৃয়ে দুই কন্যাক কৈ অহা মিছা কথাষাৰেই অৱশেষত সঁচা প্ৰমাণিত হ’ল! ১৫ আগষ্টৰ প্ৰাকক্ষণত ঘৰলৈ উভতিল শ্বহীদ সেনা জোৱান চন্দ্ৰশেখৰ… 5

কিন্তু এই যাত্ৰাৰ সময়তে ১৯৮৪ চনৰ ২৯ মে’ৰ পুৱা ৪ বজাত সংঘটিত প্ৰচণ্ড হিমস্খলনত আৱদ্ধ হৈ পৰে জোৱান কেইজন। পৰৱৰ্তী সময়ত উদ্ধাৰ অভিযান চলাই ভাৰতীয় সেনাই ১৪ গৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সন্ধানহীন হৈ আছিল লেন্স নায়ক চন্দ্ৰ শেখৰ হৰবোলা আৰু আন এগৰাকী জোৱান।

কেইবাদিনো ধৰি অঞ্চলটোত দুই জোৱানৰ সন্ধান বিচাৰি অভিযান চলোৱা হয়। কিন্তু প্ৰচণ্ড হিমস্খলনৰ বাবে অৱশেষত উদ্ধাৰ অভিযানৰ সামৰণি পেলাবলগীয়া হয়। তাৰ পিছত এটা এটাকৈ পাৰ হয় ৩৮ টা বছৰ।

অৱশেষত ছিয়াচেনৰ হিমবাহৰ এটা পুৰণি বাংকাৰত ১৩ আগষ্টত উদ্ধাৰ হয় এটা মৃতদেহৰ অৱশিষ্ট। মৃতদেহৰ কাষত থকা এখন নাম প্লেটৰ জৰিয়তে চিনাক্ত কৰা হয় যে সেয়া ৩৮ বছৰ পূৰ্বে সন্ধানহীন হোৱা লেন্স নায়ক চন্দ্ৰ শেখৰৰ মৃতদেহ। হয়তো হিমস্খলনৰ পৰা ৰক্ষা পাবলৈ বাংকাৰৰ ভিতৰত সোমোৱাৰ পিছত তাতেই আৱদ্ধ হৈ মৃত্যুক সাৱটিছিল সেনা জোৱানগৰাকীয়ে।

photo1660549958
৩৮ বছৰে মাতৃয়ে দুই কন্যাক কৈ অহা মিছা কথাষাৰেই অৱশেষত সঁচা প্ৰমাণিত হ’ল! ১৫ আগষ্টৰ প্ৰাকক্ষণত ঘৰলৈ উভতিল শ্বহীদ সেনা জোৱান চন্দ্ৰশেখৰ… 6

সেনা জোৱানগৰাকীৰ মৃতদেহ উদ্ধাৰ পিছত পৰিয়ালৰ হাতত চমজাই দিয়া হয় তেওঁৰ নশ্বৰ দেহ। ইয়াৰ পিছতে সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয় সেনা জোৱানগৰাকীক।

উল্লেখ্য যে, ৰাজস্থানৰ আলমোৰাৰ হাতীখাল দ্বাৰহাট জিলাৰ বাসিন্দা শ্বহীদ গৰাকীৰ পৰিয়াল বৰ্তমান বাস কৰে দহাৰীয়াৰ নিফ আইটিআই ৰোডৰ সৰস্বতী বিহাৰত। ৩৮ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা চন্দ্ৰশেখৰ হৰবোলাক শ্বহীদ ঘোষণা কৰিছিল ভাৰত চৰকাৰে। শ্বহীদগৰাকীৰ স্মৃতিত কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী অজয় ​​ভট্টেও পত্নী শান্তি দেৱীক সন্মান জনাই পুৰস্কৃত কৰিছিল।