আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাত পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী হিচাপে নৱমবাৰৰ বাবে মোদীয়ে লালকিল্লাত উত্তোলন কৰিলে স্বাধীনতা দিৱসৰ পতাকা।
ত্ৰিৰংগা উত্তোলনৰ পিছতে লালকিল্লাৰ পৰা দেশক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
ভাষণত মোডীয়ে কয়, ‘আজিৰে পৰা দেশৰ নতুন আৰম্ভণি। স্বাধীনতাৰ বাবে অগণন লোকে বলিদান দিছে, সকলোৰে অৱদানক আজি স্মৰণ কৰাৰ দিন। ইতিহাসে পাহৰা শ্বহীদসকলক স্মৰণ কৰাৰ দিন।
মেডীয়ে কয়- ‘ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে। বিশ্বই এতিয়া ভাৰতৰ মুখলৈ চাই আছে। ভাৰতত এতিয়া তিনিটা শক্তিৰ পয়োভৰ। দেশ আজি সৰ্বশক্তিৰে আগবাঢ়িছে। আগন্তুক ২৫ বছৰ বাবে ৫টা পণ ল’ব লাগিব।
পণ- ১ : বিকশিত ভাৰত, পণ- ২ : ১০০ শতাংশ আজাদী, গোলামী মানসিকতা ত্যাগ, পণ- ৩ : ঐতিহ্যক লৈ গৌৰৱ আৰু সন্মান প্ৰদৰ্শন, পণ- ৪ : একতা আমাৰ ব্ৰত হ’ব লাগিব আৰু পণ- ৫ : নাগৰিকৰ কৰ্তব্য পালনৰ আগ্ৰহ।
প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয়- ভাৰতে বিশ্বক ‘বসুধৈৱ কুটুম্বকম’ মন্ত্ৰ দিছে বুলি উল্লেখ কৰি মোদীয়ে নিজৰ ভাষণত কয়, আমি নৈত মাতৃক দেখোঁ, নৰত নাৰায়ণ দেখোঁ। কোনো পৰ নহয়, সকলো আপোন। একতাৰ যি পাঠ ভাৰতে দিছে, তাক আগুৱাই নিব লাগিব। নাৰীৰ প্ৰতি সন্মান নাগৰিকৰ কৰ্তব্য। নাৰীক অপমান সহ্য কৰা নহ’ব।









