আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্বিলঙত সান্ধ্য আইনৰ সময় সীমা বৃদ্ধি।
১৮ আগষ্টৰ পুৱা ৫ বজালৈ বৃদ্ধি কৰা হ’ল সান্ধ্য আইন।
ম’বাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা অতিৰিক্ত ২৪ ঘণ্টাৰ বাবে বৃদ্ধি কৰা হয়।
মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বাধীন কেবিনেটৰ এই সিদ্ধান্ত।
লগতে ১৩ আগষ্টৰ ঘটনাৰ ন্যায়িক তদন্তৰ ঘোষণা কৰে কেবিনেটে।
উপ-মুখ্যমন্ত্ৰী পি টিনছঙৰ অধ্যক্ষতাত শান্তি কমিটী গঠন কৰে মেঘালয় চৰকাৰে।
আইন শৃংখলা পৰ্যৱেক্ষণৰ বাবে উপ সমিতি গঠনৰ সিদ্ধান্ত লয় কেবিনেটে।
মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে চহৰখনত বিএছএফ আৰু চিআৰপিএফৰ কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ পাঁচটা কোম্পানী মোতায়েন কৰা হৈছে।
উল্লেখ্য প্ৰাক্তন এইচএনএলচি নেতা চেৰিষ্টাৰফিল্ড থাংখিউ নিহত হোৱাৰ তিনি দিন পিছত মেঘালয় চৰকাৰে মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ বাবে সমালোচিত হৈ হত্যাকাণ্ডটোৰ ন্যায়িক তদন্ত আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।