সুস্মিতাক বটবৃক্ষ বুলি ভাবিছিলো, কিন্তু সৰু বতাহত উৰি যাব বুলি ভবা নাছিলোঃ ভূপেন বৰা…

সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে।

ছোনীয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিলে প্ৰাক্তন কংগ্ৰেছ সাংসদ সুস্মিতা দেৱে।

দেওবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰি তৃণমূল কংগ্ৰেছ দলটোত যোগদান কৰে সুস্মিতাই।

উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত সুস্মিতা দেৱে নিজৰ টুইটাৰ হেণ্ডেলত প্ৰাক্তন কংগ্ৰেছ সদস্য বুলি উল্লেখ কৰাৰ পাছতে দলত্যাগৰ কথা পোহৰলৈ আহিছিল।

ইয়াৰ পাছতে কংগ্ৰেছ দলৰ ভিতৰচৰাত সৃষ্টি হৈছিল আলোড়নৰ।

সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

ভূপেন বৰাই কয়- ‘সুস্মিতাক বটবৃক্ষ বুলি ভাবিছিলো, কিন্তু সৰু বতাহত উৰি যাব বুলি ভবা নাছিলো।’

ভূপেন বৰাই লগতে কয়- চূড়ান্ত হতাশগ্ৰস্ততা দল ত্যাগ কৰিছে সুস্মিতাই। এটা নিৰ্বাচনত পৰাজয় বৰণ কৰি মনোবল হেৰুৱাইছে সুস্মিতাই। গান্ধী পৰিয়ালৰ সৈতে ভাল সম্বন্ধ থকা এটা পৰিয়াল। ক্ষতি আমাৰ হ’ব, কিন্তু আমি আৰু বহু সুস্মিতাক বিচাৰি উলিয়াব লাগিব।

আনহাতে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰৰ বিধায়ক তথা তৰুণ গগৈ মন্ত্ৰীসভাৰ উদ্যোগ আৰু সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী ছিদ্দিক আহমেদে কয় যে, সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগৰ খবৰক লৈ পিতৃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ আত্মায়ো শান্তি নাপাব। জাতীয় কংগ্ৰেছ দলে পিতৃ সন্তোষ মোহন দেৱক কেন্দ্ৰীয় মন্ত্ৰী কৰাৰ লগতে সুস্মিতা দেৱক প্ৰথমে বিধায়ক পিছলৈ সাংসদৰ লগতে নিখিল ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব আৰু মাতৃ বীথিকা দেৱক বিধায়ক বনাইছিল

Leave a Comment