শ্বিলঙত পুনৰ প্ৰবল শিলাবৃষ্টি, শুভ্ৰ আচ্ছাদনত বুৰ গৈছে বিভিন্ন অঞ্চল…

নিউজ ডেস্ক। বৰফৰ শুভ্ৰ চাদৰখন গাত মেৰিয়াই পুনৰ এবাৰ ন ৰূপ ধাৰণ কৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলঙে।

শিলাবৃষ্টিয়ে ভূস্বৰ্গলৈ সলনি কৰা শ্বিলঙৰ দৃশ্যই এতিয়া সামাজিক মাধ্যমতো মন মুহিছে অনেকৰ।

অৱশ্যে চলিত শীতকালত দ্বিতীয়বাৰৰ বাবে বৰফৰ শুভ্ৰ আচ্ছাদনত বুৰ গৈছে শ্বিলং।

FJiss-Rt-Uc-AE2d-MJ

শিলাবৃষ্টিয়ে ছবি অকা শ্বিলঙৰ ৰাজপথত ফটো উঠিবলৈ ওলাই আহিছে বহু লোক। কিন্তু তাৰ মাজতে ৰাজধানী চহৰখনৰ বহু প্ৰান্তত শিলাবৃষ্টিৰ ফলত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ সমস্যাৰো।

বিশেষকৈ গল্ফ লিংকৰ দৰে এলেকাত শিলাবৃষ্ট আৰু হিমশীতল বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে ব্যৱসায়।

খিন্দাইলাড, মটফ্ৰান আৰু পোলোৰ দৰে অঞ্চলৰ পদপথৰ বিক্ৰেতাৰ বাবে বাধা হৈ পৰিছে এই পৰিৱেশ।

FJe-PZDac-AAw-Cqb

আন কিছু কিছু প্ৰান্তত পথৰ ওপৰত জমা হোৱা বৰফৰ বাবে যান-বাহনৰ চলাচলত ব্যাঘাত জন্মিছে। কিন্তু তাৰ মাজতো স্থানীয় নিৱাসীসকলে এই বিৰল মনোমোহা সৌন্দৰ্য উপভোগ কৰাৰ সুযোগকণ হেৰুৱাব বিচৰা নাই।

কিন্তু শ্বিলঙৰ এই আকস্মিক জলবায়ু পৰিৱৰ্তনে আচৰিত কৰিছে আন বহুতকো।

বিশ্বজুৰি বৃদ্ধি পোৱা প্ৰদূষণ আৰু তাৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তনৰে প্ৰভাৱ শ্বিলঙতো পৰাৰ আশংকা কৰিছে অনেকে।

লগতে চাওকঃ

মই ভেকচিন নলওঁ! ভেকচিন দিবলৈ অহা স্বাস্থ্যকৰ্মীকে গবা মাৰি ধৰিলে এজন নাৱৰীয়াই, ভাইৰেল ভিডিঅ’

G8

Leave a Comment