এখন ব্যতিক্ৰমি বিবাহ! বিবাহ স্থলীতে অনুষ্ঠিত হ’ল ৰক্তদান শিবিৰ, দৰায়ো কৰিলে ৰক্তদান…

মঙলদৈৰ এখন ব্যতিক্ৰমী বিবাহ।

বিবাহ স্থলীতে অনুষ্ঠিত হ’ল ৰক্তদান শিবিৰ।

ৰক্তদান মহান দান শ্লোগানৰে বিবাহ স্থলীতে অনুষ্ঠিত হল এটা ৰক্তদান শিবিৰ।

বিবাহ স্থলীতে দৰাৰ লগতে দৰাৰ শুভাকাংক্ষী সকলেও কৰিলে ৰক্তদান।

দৰঙৰ মঙলদৈৰ ৰামহৰিৰ ছন্দোৱাল পাৰা গাঁৱৰ যুৱক খনিন্দ্ৰ ডেকাৰ বিবাহ অনুষ্ঠানত দেখা গল এই ব্যতিক্ৰমি দৃশ্য।

২০ জানুৱাৰী তাৰিখে বিয়াৰ দিনাই দৰাই ৰক্তদান কৰিলে।

বিয়াৰ ঘৰত অনুষ্ঠিত ৰক্তদান শিবিৰৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে দৰাৰ মাতৃয়ে।

লগতে সংগ দিয়ে ৰক্তদানৰ সৈতে জড়িত Unity we the Blood donor নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকল আৰু ৰামহৰি যুৱ মঞ্চৰ সদস্য সকলে।

উক্ত ৰক্ত দান শিবিৰত প্ৰায় ২০ গৰাকী লোকে ৰক্তদান কৰে।

Leave a Comment