এক শোকাৱহ ঘটনা।
তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী ভাৰতীয় সেনা বিষয়াই।
কৰ্তব্য সম্পাদন কৰি কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথতে অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুাৱই ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰে।
এই শোকাবহ ঘটনা সংঘটিত হয় মেঘালয়ৰ ৰাজধানী শ্বিলঙত।
জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ভাৰতীয় সেনা বিষয়াগৰাকীয়ে কাৰ্যালয়ৰ পৰা খোজ কাঢ়ি গৈ থকা সময়তে তেওঁক এখন অচিনাক্ত স্কৰপিঅ’ বাহনে মহটিয়াই নিয়ে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সেনা বিষয়াগৰাকীক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
নিহত কৰ্ণেল ৰমেশ ৰাথোৰ ঘৰ ৰাজস্থানৰ চুৰু জিলাৰ ঘনাউ সদুলপুৰ গাঁৱত।
জানিব পৰা মতে, সেনা বিষয়াগৰাকী শ্বিলঙত ১২ আৰ্মড ৰেজিমেণ্টৰ কৰ্ণেল হিচাপে নিযুক্ত আছিল।









