ৰাসৰ আনন্দৰ মাজতে শোকাৱহ ঘটনা! দুটাকৈ পৃথক দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ জনকৈ লোকৰ…

ৰাসৰ আনন্দৰ মাজতে নলবাৰীত শোকাৱহ দুৰ্ঘটনা।

দুটাকৈ পৃথক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে।

বানেকুছি আৰু ঘগ্ৰাপাৰত সংঘটিত হয় এই দুৰ্ঘটনা।

নলবাৰীৰ বানেকুছিত দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ।

যাৰ ফলত প্ৰাণ হেৰুৱাই বাহনখনৰ চালকসহ ৪ জনকৈ লোকে।

নিহতকেইজন ক্ৰমে জাহেদুল ৰহমান, অজিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ।

আনহাতে ঘগ্ৰাপাৰতো আন এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱতী।

দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ নাম পৰিস্মিতা বুলি জানিব পৰা গৈছে।

আনহাতে দুয়োটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনকো ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

জানিব পৰা মতে, হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ পথতে বানেকুছিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়ত মৃত্যু হয় আন দুজনৰ।

দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS 01 BG 5995।