মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্তি মণিপুৰ চৰকাৰৰ…

মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্তি মণিপুৰ চৰকাৰৰ।

অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্ত হল ক্ৰীড়াবিদ মীৰাবাই চানু।

FJJdyfw-Xw-AEf-AJe

মণিপুৰ চৰকাৰে শনিবাৰে ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান কৰে ক্ৰীড়াবিদগৰাকীক।

1

সামাজিক মাধ্যমত এই বিশেষ মুহুৰ্তৰ ফটো শ্বেয়াৰ কৰি মীৰাবাই চানুৱে মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু ৰাজ্য চৰকাৰক দেশ আৰু জনতাৰ সেৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায়।

2

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জনেৰে উত্তৰ-পূবৰ লগতে ভাৰতক গৌৰৱাম্বিত কৰিছিল মীৰাবাই চানুৱে। তদুপৰি কমনৱেলথৰ লগতে আন বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰত্তোলন শিতানত পদক জয়ৰে জিলিকি উঠিছে উত্তৰ-পূৱৰ ক্ৰীড়াবিদ গৰাকী।

FJIx-Ls2-X0-AAcy6-D

ক্ৰীড়াজগতত তেওঁ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে মেজৰ ধ্যানছন্দ খেলৰত্ন বঁটা আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে মীৰাবাই চানুক।

Leave a Comment