অসমঅসমীয়া

খঙত অগ্নিশৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজপথতে উপায়ুক্তক দিলে ধমক…

শনিবাৰে বহুকেইটা কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

 নগাঁৱলৈ গৈ থকাৰ সময়তে বঢ়মপুৰত হঠাৎ খঙত অগ্নিশৰ্মা হৈ পৰে মুখ্যমন্ত্ৰী শৰ্মা।

ৰাষ্ট্ৰীয় ঘাইপথত মুখ্য মন্ত্ৰীৰ সুৰক্ষাৰ বাবে যান-বাহন বন্ধ কৰি থোৱা কাৰ্য্যত অতিষ্ঠ হৈ মুখ্যমন্ত্ৰী শৰ্মাই নগাঁৱৰ উপায়ুক্ত নিসৰ্গ হিবৰেক মাতি আনি ধমক দিয়া দেখিবলৈ পোৱা যায়।

মুখ্যমন্ত্ৰী শৰ্মাই ৰাজপথেৰে কোনো ৰজা-মহাৰজা আহিছে নেকি জিলা উপায়ুক্তক প্ৰশ্ন কৰি শীঘ্ৰে যান-জঁট মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয়- ‘ডিচি চাহাব য়ে ক্যা নাটক হুৱা হে….কিউ গাড়ী ৰুকৱায়া হ্যে…কোয়ি ৰাজা-মহাৰাজা আয়া হ্যে ক্যা?’

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কনভয়ত থকা বাহনৰ সংখ্যা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *