মণিপুৰত নতুন ৰাজ্যপাল নিযুক্তি।
তামিলনাডুৰ BJP নেতা লা গণেশনক মণিপুৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
দেওবাৰে লা গণেশনক ৰাজ্যখনৰ ১৭সংখ্যক ৰাজ্যপাল ৰূপে নিযুক্ত দিয়া হয়।
উল্লেখ্য যে, নাজমা হেপতুল্লাই কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল।
হেপতুল্লাৰ অৱসৰৰ পিছত ৰাজ্যপালৰ পদটো খালী হৈ আছিল।
হেপতুল্লাই ১০ আগষ্টত কাৰ্যালয় ত্যাগ কৰাৰ পাছতে ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদক দায়িত্ব দিয়া হৈছিল।









