ব্যতিক্ৰমী ৰূপত ৰাখী বন্ধন উদযাপনঃ শালগছত ৰাখী বান্ধিলে এইখন গাঁৱৰ মহিলাই…

আজি দেশজুৰি পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন।

দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো পালন কৰা হৈছে এই উৎসৱ।

ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য মাত্ৰা দিয়াৰ এক উৎসৱ।

প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমাৰ তিথিত এই উৎসৱ পালন কৰা হয়।

এই বিশেষ দিনটোত ব্যতিক্ৰমীভাৱে ৰাখী বন্ধন উৎসৱ পালন কৰিলে গোৱালপাৰাৰ দুধনৈৰ শিলৰবড়ি গাঁৱৰ কেইগৰাকীমান মহিলা তথা শিশুৱে।

‘গছ থাকিলেহে মানুহ থাকিব’ এই কথা সাৰোগত কৰি নিজৰ ভাতৃৰ হাতত ৰাখী বন্ধাৰ উপৰি গাঁওখনৰ গাতে লাগি থকা শালগছেৰে ভৰা এখন বনাঞ্চললৈ গৈ প্ৰতিডাল গছকে ৰাখী বান্ধে মহিলাসকলে।

গছত ৰাখী বন্ধাৰ মূল কাৰণ ব্যক্ত কৰি মহিলাসকলে কয়– ‘আমি নিজৰ ককাইদেউ বা নিজৰ ভাইটিক অকল ভাতৃ মনাই নহয় বৰং এই বনাঞ্চলত থকা বিভিন্ন গছৰ লগতে শালগছকেইডালো আমাৰ ভাতৃসম৷ কিয়নো এই গছকেইডালে হ’ল আমাৰ জীৱনৰ চালিকাশক্তি৷ অক্সিজেন যোগান ধৰি আমাক ৰক্ষা কৰি থকাৰ উপৰি এই বনাঞ্চলখন হৈছে বন্যহস্তীৰ অন্যতম বাসস্থল৷ এই বনাঞ্চল খনে সুৰক্ষা দিব বন্যহস্তীক৷ যাৰ ফলত গাঁওসমূহত হ্ৰাস পাব বন্যহস্তীৰ উপদ্ৰৱ।

বনাঞ্চল সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই বিশেষ ৰাখী বন্ধনৰ কাৰ্যসূচী ৰূপায়ণ কৰে গাঁওখনৰ মহিলাসকলে।

Leave a Comment