অসম

সৰ্বা-হিমন্তকে ধৰি কেইবাগৰাকীও বিজেপি মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল AJPৰ…

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ অসম জাতীয় পৰিষদৰ।

দিছপুৰ থানাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থানাত এজাহাৰ দাখিল।

শনিবাৰে কেন্দ্ৰীয় নেতা সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰা বিজেপি দলৰ প্ৰতিগৰাকী মন্ত্ৰী-বিধায়ক আৰু নেতাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে অসম জাতীয় পৰিষদে।

image 7

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, ভৱেশ কলিতা, কুইন ওজা, তপন কুমাৰ গগৈকে ধৰি কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে দাখিল কৰে এজাহৰ।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰে অসম জাতীয় পৰিষদে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰণজ্যোতি গগৈয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ যাত্ৰাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

image 9

উল্লেখযোগ্য যে, শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে মোদী কেবিনেটৰ নতুন মন্ত্ৰী সকলে ৰাজ্যই ৰাজ্যই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে।

image 10

Leave a Reply

Your email address will not be published. Required fields are marked *