মণিপুৰঅসমীয়া

ভয়ংকৰ IED বিস্ফোৰণে কঁপালে চুবুৰীয়া ৰাজ্য মণিপুৰ…

নিউজ ডেস্ক। ২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো আইইডি বিস্ফোৰণে কঁপাই গ’ল চুবুৰীয়া ৰাজ্য মণিপুৰক। বৃহস্পতিবাৰে ৰাজ্যখনত এটা সন্দেহজনক আইইডি বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত শুকুৰবাৰে পুৱাও সংঘটিত হয় আন এটা বিস্ফোৰণ।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৩.৫০ বজাত খুৰাই থইডিংজাম লেইকাইত আৰ কে বীৰেন্দ্ৰ নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় বিস্ফোৰণটো।

G6 3

এই বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও বিস্ফোৰণৰ সময়ত ব্যক্তিজনৰ ঘৰৰ সন্মুখত ৰখাই থোৱা তিনিখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।

ইফালে বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে, পোৰোম্পাট আৰক্ষী আৰু ফৰেনচিকৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে।

বাতৰি অনুসৰি, এই বিস্ফোৰণ সংঘটিত হোৱা বাসগৃহটোৰ মালিক আৰ কে বীৰেন্দ্ৰ বৰ্তমান ৰাজ্য চৰকাৰৰ কৃষি বিভাগত কাৰ্যবাহী অভিযন্তাৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে পুৱা ইম্ফল পশ্চিম জিলাৰ নাগামাপাল লামাবান লেইকাইত এটা সন্দেহজনক আইইডি বিস্ফোৰণ সংঘটিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *