অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বাহন, ৩ বন্ধুৰ মৃত্যু

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল তিনি বন্ধুৱে। শুকুৰবাৰে জম্মুৰ নাগৰোটা অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে পঞ্জাৱৰ তিনি বন্ধুৰ।

জানিব পৰা মতে, জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যোৱা মোগা পঞ্জাৱৰ গুৰদ্বীপ সিঙে আন দুজন বন্ধুৰ সৈতে গৈ এখন গাড়ীৰে উধমপুৰৰ পৰা জম্মুলৈ গৈ থকা সময়ত আইটিভি ৰাজপথৰ কাষৰ জাম্ভু চিৰিয়াখানাৰ ওচৰত তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হৈ খাৱৈত বাগৰি পৰে।

accidenr

এই দুৰ্ঘটনাত গুৰদ্বীপ সিঙৰ লগতে শ্যাম লাল আৰু বিকাশ কুমাৰ নামৰ আন দুজন যুৱকৰ মৃত্যু ঘটে।

আৰক্ষীয়ে ইতিমধ্যে আটাইকেইজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

অত্যাধিক গতিৰ বাবে বাহনখন নিয়ন্ত্ৰণহীন হৈ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২৭৯/৩০৪-এ আইপিচি ধাৰাৰ অধীনত নাগৰোটা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *