অসমঅসমীয়া

আধৰুৱা হৈ ৰ’ল স্বাৱলম্বী হােৱাৰ সপােন! ৰে’লৰ চেপাত প্ৰাণ গ’ল মেধাবী ছাত্ৰী শেৱালীৰ…

নিউজ ডেস্ক। উচ্চ শিক্ষা গ্ৰহণেৰে আত্ম নিৰ্ভৰশীল হােৱাৰ সপােন দেখিছিল পিতৃহাৰা শেৱালীয়ে।

পিতৃক অকালতে হেৰুওৱা শেৱালীয়ে ইয়াৰ বাবে বহু ত্যাগ স্বীকাৰ কৰি পিছপৰা গাঁঁওখনৰ পৰা ঢাপলি মেলিছিল গুৱাহাটীলৈ।

জীয়াৰীৰ এই সপােন পূৰণৰ বাবে উৎসাহিত কৰিছিল মাতৃ আৰু আত্মীয়ই।

সকলাে ঠিকেই চলি আছিল যদিও নিষ্ঠুৰ নিয়তিয়ে যেন পুনৰ শেৱালীৰ পৰিয়াললৈ কঢ়িয়াই আনিলে ঘােৰ অমানিশা।

p2 5

গুৱাহাটীত অধ্যয়নৰত অৱস্থাত এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শেৱালীয়ে।

বান্ধৱীৰ সৈতে ৰন্ধন গেছৰ চিলিণ্ডাৰ আনিবলৈ গৈ ৰে’ল লাইন পাৰ হ’বলৈ লওঁতে ৰে’লৰ চেপাত প্ৰাণ হেৰুৱালে শেৱালীয়ে।

2 1

উল্লেখ্য যে ধেমাজি জিলাৰ চিমেন চাপৰি থানাৰ অন্তর্গত ডেকাপাম উদয়পুৰ গাঁৱৰ প্ৰয়াত দুলেশ্বৰ সোণোৱাল আৰু গোপালী সোণোৱালৰ জীয়ৰী শেৱালী সােণােৱাল।

শেৱালী গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ ‘মেডিকেল ট্রমা’ বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী।

G4 4

গুৱাহাটীৰ পানীখাইতীত ভাড়াতীয়া হিচাপে থাকি ডাউন টাউন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা মেধাৱী ছাত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পুৱা ১০.৩০ মান বজাত গেছ চিলিণ্ডাৰ আনিবলৈ ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই এই দুর্ঘটনা সংঘটিত হয়।

3 1

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰি ছাত্ৰীগৰাকীৰ মৃতদেহ জোনাই মহকুমাৰ ডেকাপাম উদয়পুৰ গাঁৱৰ নিজ ঘৰলৈ অনা হয়।

জানিব পৰা মতে, ২০১৭ চনত ডেকাপাম হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০১৯ চনত পশ্চিম জোনাই কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটীত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী।

ছাত্ৰীগৰাকীৰ এনে অকাল মৃত্যুৱে গভীৰ শােকৰ ছাঁ পেলাইছে আত্মীয়-স্বজনৰ উপৰি ওপজা গাঁওখনৰ বাসিন্দাসকলৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *