অৰুণাচল প্ৰদেশঅসমীয়া

ভয়ংকৰ পথ দুৰ্ঘটনাত গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। নৱবৰ্ষৰ প্ৰাক্ক্ষণত এক শােকাৱহ পথ দুৰ্ঘটনা প্ৰাণ হেৰুৱালে অৰুণাচল প্ৰদেশত কৰ্মৰত গড়কাপ্তানি বিভাগৰ এগৰাকী অভিযন্তাই।

এই শােকাৱহ ঘটনাৰ স্থান অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ সমীপৱৰ্তী পাপু নাল্লা-য়ুপিয়া পথ।

নিহত বিষয়াগৰাকী হ’ল জিৰো (নামনি সোৱণশিৰী) গড়কাপ্তানি ঘাইপথ বিভাগৰ অভিযন্তা সুনীল কুমাৰ।

জানিব পৰা মতে, নিশা অভিযন্তা সুনীল কুমাৰে চলাই অহা বাহনখনে ৰাস্তাৰ কাষৰ এটা বৈদ্যুতিক খুটাত তীব্ৰ জোৰে খুন্দা মাৰে।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী উপ পৰিদৰ্শক এন ৰামৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। কিন্তু তেতিয়ালৈকে কৰুণ মৃত্যুক আঁকোৱালি লয় সুনীল কুমাৰে।

জানিব পৰা মতে, অভিযন্তা সুনীল কুমাৰে এটা অভ্যৰ্থনা অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছত ইটানগৰৰ পৰা দৈমুখৰ ৰোনোস্থিত নিজ বাসগৃহলৈ উভতি অহাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *