অসম

সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীলৈ ‘ৰংবং তেৰাং সমন্বয়’ বঁটা…

মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীলৈ ‘ৰংবং তেৰাং সমন্বয়’ বঁটা।

শুকুৰবাৰে ডিফু প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে চিংথুৰ প্ৰকাশনে।

কাৰ্বি আংলঙৰ বকলীয়াঘাটত অহা ১৩ জানুৱাৰীত প্ৰদান কৰা হ’ব এই বঁটা।

পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিনটোৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হয়।

এই  বঁটা প্ৰদান অনুষ্ঠানত ভিন্ন স্বাদৰ মুঠ ২৩ খন গ্ৰন্থও উন্মোচন কৰা হ’ব।

বঁটা প্ৰদান অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা, বিশিষ্ট সাহিত্যিক সূৰ্য হাজৰিকা, অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তি।

উল্লেখ্য যে বকলীয়াঘাটৰ ‘চিংথুৰ’ প্ৰকাশনে ২০১৭ চনৰ পৰা প্ৰদান কৰি আহিছে এই বঁটা।

Leave a Reply

Your email address will not be published. Required fields are marked *