মেঘালয়

ভয়ংকৰ দুৰ্ঘটনাঃ ট্ৰাকৰ খুন্দাত পাহাৰৰ দাঁতিত ওলমি ৰ’ল এখন বাহন…

এক গাঁৰ নোম শিঁয়ৰি উঠা দৃশ্য।

ট্ৰাকৰ খুন্দা খাই আচৰিত ভাৱে পাহাৰৰ দাঁতিত ওলমি ৰ’ল এখন বাহন।

বৃহস্পতিবাৰে মেঘালয়ৰ শ্বিলং-ডাউকীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাইনুৰছালা অঞ্চলক সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

এখন ট্ৰাকে খুন্দা মাৰে মাৰুতী চুইফট বাহনত।

WhatsApp Image 2021 09 02 at 5.47.13 AM 1024x472 1

খুন্দাৰ ফলত কেইবাফুট দ’ খাৱৈত বাগৰি পৰাৰ পৰা কথমপি ৰক্ষা পৰে গাড়ীখন।

পাহাৰৰ দাঁতিত ভয়াৱহভাৱে ওলমি থকা বাহনখনত আছিল ৪ জন লোক।

অৱশ্যে সুকলমে উদ্ধাৰ কৰা হয় বাহনখনত থকা আটাইকেইজনকে।

উল্লেখ্য যে, এই দুৰ্ঘটনাৰ ফলত গাড়ীখনৰ চালক আৰু আগৰ আসনত বহি থকা লোকজন আঘাতপ্ৰাপ্ত নহয়।

পিছৰ আসনত বহি থকা লোক দুজন কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকক হস্পাতাললৈ প্ৰেৰণ কৰা হয়।

এই দুৰ্ঘটনাৰ ফলত অঞ্চলটোত সৃষ্টি হয় তীব্ৰ যান-জটৰ।

image 1

Leave a Reply

Your email address will not be published. Required fields are marked *