চাঞ্চল্যকৰ! ৰে’লৱেত কৰ্মৰত দুজনকৈ লোকে একেদিনাই বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত…

বৰপেটাৰোডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

শুকুৰবাৰে ৰে’লৱেত কৰ্মৰত দুজনকৈ লোকে একেদিনাই চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চহৰখনৰ ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত থকা ফণী খেৰকটাৰীয়ে (৫৯) নিজ কোৱাৰ্টাৰত চিপ লৈ আত্মহত্যা কৰে৷

ৰেল বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ফণী খেৰকটাৰী৷

আনহাতে এই ঘটনাস্থলীৰে মাত্ৰ দুশ মিটাৰ মান দূৰৈত আন এগৰাকী লোকে পথৰ কাষৰ গছ এডালত চিপ লৈ আত্মহত্যা কৰে৷

গোৱৰ্ধনা উন্নয়ন খণ্ডৰ চৌহদত থকা এডাল গছত চিপ লৈ আত্মহত্যা কৰা লোকজনৰ নাম হৈছে অখিল ঘোষ (৫৫)।

ৰেলত চাহ বিক্ৰী কৰা হকাৰ আছিল অখিল ঘোষ৷

কি কাৰণত লোক দুজনে আত্মহত্যা কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই৷

ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে৷

Leave a Comment