মণিপুৰঅসমীয়া

বিমানবন্দৰত ৫.৭৬ কােটি টকা মূল্যৰ ১੦ কিলাে চােৰাং সােণসহ গ্ৰেপ্তাৰ যাত্ৰী

নিউজ ডেস্ক। কেইবাকোটি টকা মূল্যৰ সোণৰ বিস্কুটসহ ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ এজন।

ইম্ফলৰ শুল্ক বিষয়াই অভিযান চলাই বিমান বন্দৰৰ পৰা সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়ত প্ৰায় ৫.৭৬ কোটি টকা মূল্যৰ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়।

এক সংবাদমেল সম্বোধন কৰি শুক্ল বিভাগৰ এইছএল চংগেটৰ সহকাৰী আয়ুক্তই কয় যে দেওবাৰে ১০.৭৯ কেজি ওজনৰ মুঠ ৬৫খন সোণৰ বিস্কুট জব্দ কৰা হয়।

এই সোণখিনি এয়াৰ এছিয়া বিমানযোগে দিল্লীলৈ সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সময়তে শুক্ল বিভাগে জব্দ কৰে।

p2 14

ইফালে ধৃত লোকজনক ইম্ফল পশ্চিম জিলাৰ আৱাং খুনুৰ ৱাংখেম ইবুংগোবল সিংগা (৩৩) বুলি চিনাক্ত কৰা হৈছে।

বাতৰি অনুসৰি, সৰবৰাহকাৰীজনে তেওঁৰ লাগেজৰ ভিতৰত ভৰাই সোণখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।

শুক্ল বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, এক গোপন সূত্ৰৰ খবৰ ভিত্তিত বিমান বন্দৰত অভিযান চলোৱা হৈছিল।

p1 27

এয়াৰ এছিয়াৰ 15784 নং ইম্ফ’ল-দিল্লীৰ বিমানত যাত্ৰাৰ পূৰ্বে লােকজনক সােণসহ আটক কৰা হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচোৰ ৰুজু কৰি অধিক তথ্যৰ সন্ধানত নামি পৰিছে আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *