আৰক্ষীৰ জালত দীৰ্ঘদিনে সন্ত্ৰাস চলাই অহা ৮ জনীয়া ডকাইতৰ গেং…

ডকাইতৰ বিৰুদ্ধে ক্ষেত্ৰী আৰক্ষীৰ সফলতা।

সোমবাৰে পুৱতি নিশা চামতাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক ৮ জনীয়া ডকাইতৰ গেং।

দীৰ্ঘদিন ধৰি ডকাইতিৰে সন্ত্ৰাস চলাই আছিল ধৃত দলটোৱে।

জানিব পৰা মতে, গেংটোৱে AS 06 BC 3469 নম্বৰৰ বাৰচকীয়া ট্ৰাকখনক ক্ষেত্ৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আগচি ধৰি ডকাইতিৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল।

অৱশেষত ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনে ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তাৎক্ষনিকভাৱে অভিযান চলাই চামতাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS 01 BE 9611 নম্বৰৰ মাৰুতি আৰ্টিগা বাহনৰ সৈতে গেংটোক আটক কৰে।

আটকাধীন লোককেইজন ক্ৰমে নগাঁৱৰ ইমৰাণ হুছেইন, নজৰুল ইছলাম, জেহৰুল ইছলাম, নাছিৰুদ্দিন আলি, মৰিগাঁও’ৰ চাদ্দাম হুছেইন , ৰছিদুল ইছলাম ,জোলফিকা আলম ,মুষ্টাফা আলি।

লগতে আটকাধীন লোক কেইজনৰ পৰা চোকা অস্ত্ৰ, চিপৰাং এডালৰ লগতে বিভিন্ন আপত্তিজনক সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

Leave a Comment