মণিপুৰ

বিদ্ৰোহী সংগঠনৰ কুকি নেচনেল ফ্ৰণ্টৰ কামাণ্ডৰ ইন চীফ মংগখালেম কিপগেনক গ্ৰেপ্তাৰ…

মণিপুৰী বিদ্ৰোহী সংগঠনৰ কুকি নেচনেল ফ্ৰণ্টৰ কামাণ্ডৰ ইন চীফ মংগখালেম কিপগেনক গ্ৰেপ্তাৰ

এক গোপন খবৰ ভিত্তিত দিল্লী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মংগখালেম কিপগেন ওৰফে ডেভিদ কিপগেন।

এন চি আৰ দাৰকা নগৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে, মণিপুৰী বিদ্ৰোহী সংগঠন কুকি নেচনেল ফ্ৰণ্টৰ সেনাধ্যক্ষজনৰ বিৰুদ্ধে ধনদাবী ,অপহৰণ ,অস্ত্ৰ সৰবৰাহ , গুলীবৰ্ষণ কৰাকে ধৰি বহু গোচৰ মণিপুৰত ৰুজু হৈ আছে।

দীৰ্ঘদিন ধৰি তেওঁক মণিপুৰ আৰক্ষীয়ে বিচাৰি আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *