অৱশেষত জামিন পালে শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই, ৫০ হাজাৰ টকাৰ বণ্ডত জামিন প্ৰদান…

অশ্লীল ছবি নিৰ্মাণ কৰি গ্ৰেপ্তাৰ হোৱা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই অৱশেষত লাভ কৰিলে জামিন।

প্ৰায় দুটা মাহৰ অন্তত কাৰাগাৰৰ পৰা বাহিৰ হ’ল ৰাজ কুন্দ্ৰা।

২০ ছেপ্টেম্বৰ তাৰিখে ৰাজ কুন্দ্ৰাত ৫০ হাজাৰ টকাৰ বিনিময়ত জামিন প্ৰদান কৰা হয়।

বিগত ১৯ জুলাই তাৰিখে অশ্লীল ছবি নিৰ্মাণৰ অপৰাধত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে সোধপোচৰ বাবে নি আৰক্ষীৰ জিম্মাতে ৰাখিছিল।

ৰাজ কুন্দ্ৰাৰ ওপৰত অশ্লীল কণ্টেণ্ট বনোৱা আৰু অটিটি প্লেটফৰ্মত সেইবোৰ মুকলি কৰাৰ গোচৰ আছে।

১৫ ছেপ্টেম্বৰ তাৰিখে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ৰাজ কুন্দ্ৰাৰ ওপৰত ১৪০০ পৃষ্টাৰ এক চাৰ্জশ্বিটো দাখিল কৰিছিল।

পিছে ৰাজ কুন্দ্ৰাৰ অধিবক্তাই জনোৱা অনুসৰি সেই ১৪০০ পৃষ্টাৰ চাৰ্জশ্বিটত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ প্ৰমাণ হোৱা নাই।

যাৰ বাবেই জামিনৰ আৱেদন মঞ্জুৰি প্ৰদান কৰে ন্যয়ালয়ে।

Leave a Comment