ভাৰতীয় দলৰ পাছত এইবাৰ RCBৰ অধিনায়কৰ পদ ত্যাগ বিৰাট কোহলিৰ…

ভাৰতীয় দলৰ পাছত RCBৰ অধিনায়কৰ পদ ত্যাগ বিৰাট কোহলিৰ।

আই পি এলৰ অন্যতম জনপ্ৰিয় দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দেওবাৰে ঘোষণা কৰিছে আই পি এলৰ ২০২১ ছিজনৰ সমাপ্তিৰ পিছত বিৰাট কোহলীয়ে অধিনায়কৰ পদ ত্যাগ কৰিব।

দলটোৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত আপলোড কৰা এটা ভিডিঅ’ত কোহলিয়ে কয়- মই আজি (দেওবাৰে) সন্ধিয়া মেনেজমেণ্টৰ সৈতে কথা পাতিছো আৰ চি বিৰ অধিনায়ক হিচাপে এইটো মোৰ অন্তিম আই পি এল হ’ব। মই মোৰ অন্তিমখন আই পি এল খেল নেখেলালৈকে আৰ চি বিৰেই খেলুৱৈ হৈ থাকিম। মোৰ ওপৰত বিশ্বাস কৰা আৰু মোক সমৰ্থন কৰাৰ বাবে মই আৰ চি বিৰ সকলো অনুৰাগীক ধন্যবাদ জনাইছো।

২০০৮ চনত আই পি এলৰ আৰম্ভণিৰ পৰাই কোহলী আৰ চি বিৰ সৈতে আছে।

কোহলিক ২০১১ চনত অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছিল আৰ চি বিৰ।

উল্লেখ্য যে কোহলিয়ে কিছু দিন পূৰ্বে ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰাও অৱসৰ কৰাৰ কথা ঘোষণা কৰিছিল।

তেওঁ ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপৰ পাছতে অধিনায়ক পদ ত্যাগ কৰিব।

Leave a Comment