উৎকোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ সহ পৰিদৰ্শক…

উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰাথমিক শিক্ষা খণ্ডৰ সহ পৰিদৰ্শক।

নাজিৰাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক নবুল ইছলামে নাজিৰা গেলেকী সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ পৰা ১৫ হাজাৰ উৎকোচ লোৱাৰ সময়তে আটক কৰে দেওবাৰে দুৰ্নীতি নিবাৰক শাখাই।

নাজিৰাৰ গেলেকী সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিজুমণি বৰুৱা ১৭ নৱেম্বৰত চিকিৎসালয়লৈ যোৱাৰ বাবে বিদ্যালয়ত উপস্থিত নাছিল।

ৰিজুমণি বৰুৱা বিদ্যালয়ত উপস্থিত নথকাৰ সুযোগ লৈয়ে নাজিৰাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক নবুল ইছলামে ৰিজুমণি বৰুৱাক চাকৰি পৰা নিলম্বিত কৰাৰ ভাবুকি প্ৰদানৰ লগতে ১৫ হাজাৰ টকা উৎকোচ বিচাৰে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৰিজুমণি বৰুৱা স্বামী দুলেশ্বৰ শইকীয়াই।

এই ঘটনাৰ পম খেদিয়েই দেওবাৰে দুৰ্নীতি নিবাৰক শাখাই ১৫০০০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পেলাই নবুল ইছলামক।

দুৰ্নীতি নিবাৰক শাখাই নবুল ইছলামৰ বাসগৃহত জেৰা চলাই বিভিন্ন সা-সামগ্ৰী জব্দ কৰাৰ লগতে নবুল ইছলামকো ইতিমধ্যে আটক কৰে।

ইতিমধ্যেই সমগ্ৰ ঘটনা সন্দৰ্ভত জি পি সিঙেও টুইট কৰিছে।

Leave a Comment