যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য।
ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত ১৪ জনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
শেহতীয়াকৈ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ পিতৃ মোহন দাসক কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
মোহন দাসৰ লগতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে চিৰঞ্জিত দাস নামৰ অভিযুক্তক।
উল্লেখ্য যে, ৭ অভিযুক্তক ৫ দিনৰ জিম্মাত লৈছিল যোৰহাট আৰক্ষীয়ে।
ইয়াৰে দুগৰাকী জেললৈ প্ৰেৰণ কৰাৰ পিছত বাকী ৫ অভিযুক্তক পুনৰ ৭দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে।

বৰ্তমানলৈকে উক্ত ঘটনাৰ সন্দৰ্ভত ১৪গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ তদন্তৰ সময়তে পলাবলৈ চেষ্টা কৰি দুৰ্ঘটনাত মৃত্যু হৈছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল









