বলীউডৰ অভিনেতা সঞ্জয় দত্ত হ’ব অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ডে এম্বেচেদৰ…

বলীউডৰ অভিনেতা সঞ্জয় দত্ত হ’ব অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ডে এম্বেচেদৰ।

জন আব্ৰাহাম, চলমান খানৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ সন্মত হৈছে বলীউডৰ তাৰকা অভিনেতা সঞ্জয় দত্ত।

উল্লেখ্য য্, অৰুণাচল প্ৰদেশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু বাৰেৰহণীয়া জনজাতীয় পৰম্পৰাৰ বহুল প্ৰচাৰৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে বলীউডৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি আহিছে।

১৯৭২ চনত পূৰ্বৰ নেফা নাম সলনি কৰি নেফাৰ নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ।

২০২২ চনত এই নতুন প্ৰদেশখনে আত্মপ্ৰকাশ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব।

অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ’নাৰ অধ্যক্ষতাত “অৰুণাচল প্ৰদেশৰ ৫০ বছৰ” নামেৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

সোমবাৰে মেচুকাত এই কাৰ্যসূচীৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি চ’নাৰ লগত উপস্থিত থাকে বলীউডৰ অভিনেতা সঞ্জয় দত্ত।

উল্লেখ্য যে, অহা বছৰৰ জানুৱাৰী মাহৰ ২০ তাৰিখে ল’ৱাৰ সোৱণশিৰি জিলাৰ জিৰো চহৰত মাহযোৰা অৰুণাচল প্ৰদেশৰ ৫০ বছৰ অনুষ্ঠানৰ শুভাৰম্ভ হ’ব আৰু অহা ২০ ফেব্ৰুৱাৰীত ইটানগৰত ৰাজ্য প্ৰতিস্থা দিৱসৰ দিনা এই উদযাপনৰ অন্ত পৰিব।

Leave a Comment