মদাপী পিতৃ আৰু ড্ৰাগছ আসক্ত পুত্ৰৰ বাবে কলংকিত হ’ল যােৰহাট…

মদাপী পিতৃ আৰু ড্ৰাগছ আসক্ত পুত্ৰৰ বাবে কলংকিত হ’ল শৈক্ষিক নগৰী যােৰহাট।

সোমবাৰে যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।

photo-2021-11-29-19-28-55

দুৰ্ভগীয়া অনিমেষ ভূঞা

দিন দুপৰতে একাংশ উন্মত্ত লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ছাত্ৰনেতা অনিমেষক।

ৰাজপথত পৰি থকা এগৰাকী আদহীয়া ব্যক্তিক সহায় কৰিবলৈ যোৱায়েই কাল হ’ল অনিমেষৰ।

গণ প্ৰহাৰত মৃত্যুক সাৱটি ল’লে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই।

আনহাতে নৰপিশাচৰ জিঘাংসাত গুৰুতৰভাৱে আহত হয় অনিমেশৰ দুই বন্ধু প্ৰণয় দত্ত আৰু মৃদুস্মন্ত বৰুৱা।

FFae-Y1-HVUAUt-Zqe

আৰক্ষী জিম্মাত নীৰজ দাস ওৰফে ক’লা ল’ৰা

জানিব পৰা মতে, সোমবাৰে দেৰগাঁৱৰ ১নং খকন্দগুৰিৰ বাসিন্দা তথা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাই দুই বন্ধুৰ সৈতে যোৰহাটলৈ আহিছিল।

দুপৰীয়া নিৰ্মল চাৰিআলিত উপস্থিত হোৱাৰ পিছত ট্ৰাক ষ্টেণ্ডৰ সমীপত এজন লোকক স্কুটীৰ সৈতে পৰি থকা দেখিছিল তিনি বন্ধুৱে। সুৰামত্ত অৱস্থাত থকা লোকজনৰ স্কুটীখন উঠাই দিয়াত সহায় কৰি দিয়ে তিনি বন্দুৱে। কিন্তু সেয়াই কাল হ’ল তেওঁলোকৰ বাবে।

কিন্তু মোহন দাস নামৰ লোকজনে তেওঁক কৰা সহায়ৰ বাবে ধন্যবাদ জনোৱাৰ বিপৰীতে ওলোটাই গালি–গালাজ আৰম্ভ কৰে।

7

ঘটনাৰ মূল নায়ক মােহন দাস

তেওঁলোকেহে তেওঁক গাড়ী খুন্দিয়াই পেলাই দিয়া বুলি হুলস্থূল কৰিবলৈ লয় লোকজনে। তাৰ পিছতে মোহন দাসে ফোন কৰি মাতি আনে নিজৰ অপৰাধী পুত্ৰ ক’লা ল’ৰা ওৰফে নীৰজক।

কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় ক’লা ল’ৰাৰ লগতে এটা গুণ্ডা বাহিনীৰ দল।তাৰ পিছতে আৰম্ভ হয় সেই ভয়ানক কাণ্ডৰ। মোহন দাসৰ উচতনিত গুণ্ডা বাহিনীৰ দলটোৱে তিনি বন্ধুক বেৰি ধৰি আৰম্ভ কৰে মাৰপিট।

বাৰে বাৰে কাকুতি-মিনতি কৰাৰ পিছতো ক্ষান্ত নহ’ল নৰপিশাচৰ দলটো। ইতিমধ্যে লেবেজান হৈ পৰিছিল অনিমেষ। তাৰ পিছতো ক্ষান্ত হোৱা নাছিল নৰাধমৰ দলটো।

পিছত আৰক্ষীয়ে অনিমেষক জে এম চি এইলৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

এটা সাধাৰণ কথাৰ পৰা এনেধৰণৰ যোৰহাটৰ ঐতিহ্যত কালিমা সনা ঘটনাত এতিয়া লজ্জিত হৈ পৰিছে যোৰহাটবাসী।

ইতিমধ্য যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰাক।

Leave a Comment