ভাৰতীয় নৌসেনাৰ প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ এডমিৰেল আৰ হৰি কুমাৰৰ।
মঙ্গলবাৰে ভাৰতীয় নৌসেনাৰ নতুন প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে।
এডমিৰেল কৰমবীৰ সিঙে মঙ্গলবাৰে অৱসৰ গ্ৰহণ কৰে।
সুদীৰ্ঘ ৪১ বছৰ নৌসেনাত কৰ্মৰত হৈ আছিল এডমিৰেল কৰমবীৰ সিঙ।
তেওঁৰ স্থলাভিষিক্ত হয় এডমিৰেল আৰ হৰি কুমাৰ।
দায়িত্ব গ্ৰহণ কৰি এডমিৰেল আৰ হৰি কুমাৰে কয় যে, এডমিৰেল কৰমবীৰ সিঙৰ নেতৃত্ব আৰু নিৰ্দেশনাৰ বাবে আমি কৃতজ্ঞ।ভাৰতীয় নৌ সেনা সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব।
আনহাতে অৱসৰৰ সময়ত এডমিৰেল কৰমবীৰ সিঙে কয় যে, যোৱা ৩০ মাহ ধৰি ভাৰতীয় নৌসেনাৰ মুৰব্বী হিচাপে কাম কৰাটো মোৰ বাবে গৌৰৱৰ বিষয়।
এই সময়ছোৱাত, কোভিড মহামাৰীৰ বাবে দেশ আৰু নৌসেনা এক কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। নৌসেনাই এই কঠিন সময়ত সৰ্বশ্ৰেষ্ঠ কাম কৰিছিল।









