দুটাকৈ শক্তিশালী IED উদ্ধাৰ আৰক্ষী-CRPF ৰ

নিউজ ডেস্ক। আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) ৰ সফলতা। আৰক্ষী আৰু চিআৰপিএফে শুকুৰবাৰে মেঘালয়ৰ পশ্চিম গাৰো পাবৰ্ত্য জিলাত ৩.২৫ কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰে।

চিআৰপিএফে জনোৱা অনুসৰি, ১২০ বেটেলিয়নে চলোৱা এক বিশেষ অভিযানৰ সময়ত টিক্ৰিকিলাৰ পৰা দুটা সজীৱ ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি), ১৩ জিলেটিন ষ্টিক আৰু তিনিটা বৈদ্যুতিক ডিট’নেটৰ উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত চিআৰপিএফে আইইডি দুটা নিষ্ক্ৰিয় কৰে।

photo-2021-09-11-17-21-31-2

শুকুৰবাৰে পশ্চিম গাৰো পাৰ্বত্য জিলাৰ আৰক্ষী অধীক্ষকে জাৰি কৰা এক বিবৃতি অনুসৰি, “বিশ্বাসযোগ্য উৎসৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে অৰ্থাৎ ৯ আৰু ১০ ছেপ্টেম্বৰৰ মাজনিশা টিক্ৰিকিলা আৰক্ষী থানাৰ এলেকাৰ অন্তৰ্গত মেংগোটচিগ্ৰে গাঁৱত অভিযান চলোৱা হৈছিল। এই বিদ্ৰোহ বিৰোধী অভিযান চলাইছিল পশ্চিম গাৰো পাৰ্বত্য আৰক্ষী আৰু চিআৰপিএফৰ ১২০ জনীয়া বেটেলিয়নৰ এটা দলে। অভিযানৰ সময়ত দুটা সজীৱ ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি), ৩.২৫ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক আৰু তিনিটা ডিট’নেটৰ উদ্ধাৰ কৰা হয়। আৰু সেই সমূহ নিষ্ক্ৰিয় কৰা হয়।”

বিবৃতিটোত আৰু কোৱা হয় যে, “যদি কোনো ব্যক্তিৰ ওচৰত এই অবৈধ কাৰ্যত জড়িত দুৰ্বৃত্তৰ বিষয়ে কোনো তথ্য থাকে, তেন্তে তেওঁলোকক তৎক্ষণাৎ স্থানীয় আৰক্ষী থানাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তেওঁলোকৰ পৰিচয় গোপনে ৰখা হ’ব আৰু উপযুক্ত পুৰস্কাৰ দিয়া হ’ব।”

photo-2021-09-11-17-21-31

উল্লেখ্য যে আৰক্ষীয়ে টিক্ৰিকিল্লা আৰক্ষী থানাত বিস্ফোৰক পদাৰ্থ আইন ১৯০৮ ৰ ধাৰা ৫ ৰ অধীনত এটা গোচৰ ৰুজু কৰে আৰু ইয়াৰ তদন্ত অব্যাহত ৰাখে।

Leave a Comment