অসম

স্বাস্থ্যকৰ্মীৰ আচৰিত কাণ্ড! এগৰাকী যুৱতীক একেদিনাই ৩টাকৈ ক’ভিড ভেকচিন প্ৰদান…

স্বাস্থ্যকৰ্মীৰ আচৰিত কাণ্ড।

এগৰাকী যুৱতীক একেদিনাই ৩টাকৈ ক’ভিড ভেকচিন প্ৰদান।

বকোৰ জোঙাখুলি ৰাজাপাৰাত ভেকচিনক কেন্দ্ৰত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি বকোৰ জোঙাখুলিৰ ৰাজাপাৰা প্ৰাথমিক বিদ্যালয় ভেকচিন কেন্দ্ৰত এগৰাকী ১৮ বছৰীয়া যুৱতীক একেদিনাই তিনিটাকৈ ভেকচিন প্ৰদান কৰা হয়।

বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধানত চলি থকা ভেকচিন কেন্দ্ৰটোত ভেকচিন ল’বলৈ যোৱা যুৱতী গৰাকীয়ে এটা ভেকচিন গ্ৰহণ কৰি জিৰণি লৈ থকাৰ সময়তে আন দুটা ক’ভিড ভেকচিন প্ৰদান কৰাৰ অভিযোগ উঠিছে।

যুৱতী গৰাকীয়ে ক’ভিড ভেকচিনৰ সৈতে আন টীকা দিয়া বুলি ভাবি টীকা দুটা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে।

বৰ্তমান বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ভূক্তভোগী যুৱতী গৰাকী।

অৱশ্যে, উত্থাপিত এই অভিযোগ খণ্ডণ কৰিছে ভেকচিন কেন্দ্ৰটোত কৰ্তব্যৰত স্বাস্থ্যকৰ্মীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *