মাজুলীবাসীক পুনৰ প্ৰতিশ্ৰুতি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।
অতি শীঘ্ৰেই মাজুলীত চলিব ৰ’প এক্স।
উল্লেখ্য যে, ২০১৮ চনতে মাজুলীৰ বাবে মুকলি কৰিছিল ৰ’ ৰ’ জাহাজ।
কিন্তু কিছুদিন পিছতে বন্ধ হৈ পৰিছিল ৰ’ ৰ’ জাহাজৰ চলাচল।
নিমাতীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা হোৱাৰ পাছতে এই মন্তব্য কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
মন্ত্ৰীগৰাকীয়ে কয়- ‘মেৰাইন ইঞ্জিন নথকা ব্যক্তিগত নাওসমূহ নদীত চলিব দিয়া নহ’ব।
ইপিনে নিমাতীৰ নাও দুৰ্ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
পৰিৱহণ বিভাগৰ সচিব যাদৱ শইকীয়াক তদন্তৰ দায়িত্ব।
ইতিমধ্যে আভ্যন্তৰীণ জল পৰিৱহণৰ ৩জন বিষয়া-কৰ্মচাৰীক নিলম্বন কৰা হৈছে।
কৰ্তব্যত গাফিলতিৰ বাবে কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰীক নিলম্বিত।
নিলম্বিত সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুট গগৈ, কনিষ্ঠ অভিযন্তা ৰাতুল তামুলী।









