চূড়ান্ত হল মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম, দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হ’ব এন বীৰেন সিং…

চূড়ান্ত হল মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম।

ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হ’ব এন বীৰেন সিং।

দেওবাৰে অনুষ্ঠিত হোৱা বিজেপি বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী হিচাপে এন বীৰেন সিঙৰ নামটো নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে, দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে মণিপুৰৰ নৱনিৰ্বাচিত বিজেপি বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয়।

BJP's N Biren Singh meets governor, stakes claim to power

মণিপুৰৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিবলৈ সীতাৰমণক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু ৰিজিজুক সহঃ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল।

উল্লেখ্য যে, মণিপুৰ বিধানসভাৰ ৬০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ৩২ খন আসন লাভ কৰি দ্বিতীয়বাৰলৈ শাসনলৈ আহিবলৈ সক্ষম হয় বিজেপি।

Leave a Comment