অসম

ভয়ংকৰ দুৰ্ঘটনা! এখন ট্ৰাকত খুন্দিয়ালে ৫ খনকৈ বৰ যাত্ৰীৰ বাহনে, আহত কেইবাজনো…

নগাঁৱৰ গোমোঠা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন ট্ৰাকৰ সৈতে ৫ খনকৈ বৰ যাত্ৰীৰ বাহনৰ খুন্দাত আহত কেইবাজনো লোক।

আহত সকলক বৰ্তমান ভৰ্তি কৰোৱা হৈছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক হাস্পতালত।

image 7

জানিব পৰা মতে পুৰণি গুদামৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত এএছ০২ ডিডি ৭৪৯৩ নম্বৰৰ এখন ট্ৰাকত নৱ নিৰ্মিত ফ’ৰলেনত সন্মুখৰ পৰা খুন্দা মাৰে এখন এএছ ০২ৱাই ৩৭১১ নম্বৰৰ বেলেন’ বাহনে।

ইয়াৰ পিছতে আন দুখন টেম্প’ই খুন্দা মাৰে ট্ৰাকখনত। আনহাতে দুখন টমটমেও পৰৱৰ্তী সময়ত খুন্দা মাৰে সন্মুখৰ দুৰ্ঘটনাগ্ৰস্ত গাড়ীত।

image 8

এই দুৰ্ঘটনাত বাহন কেইখনত থকা দহ জনৰো অধিক যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।

আহত সকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত আটাইকেইখন বাহনত এখন বিয়াৰ বৰযাত্ৰী আছিল।

image 9

ইফালে স্থানীয় প্ৰত্যক্ষ দৰ্শীয়ে ভুল পথেৰে বাহন চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *