মেঘালয়

কৰ’ণাত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা…

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণাই।

উত্তৰ পূৰ্বাঞ্চলতো প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাৰ সংক্ৰমণ।

এইবাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে নিজেই সদৰি কৰিছে কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা।

মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাৱে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে, অসম মেঘালয় সীমা সমস্যা সমাধানৰ উদ্দেশ্যে বৃহস্পতিবাৰে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী কনৰাড চাংমাই। য’ত উপস্থিত আছিল অসমৰ মুক্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Leave a Reply

Your email address will not be published. Required fields are marked *