ৰাষ্ট্ৰীয়অসমীয়া

প্ৰতি লিটাৰ পেট্ৰ’লত ২৫ টকাৰ ৰাজসাহায্য! ক’ত আৰু কোনে পাব এই আঁচনিৰ লাভ?

নিউজ ডেস্ক। সমগ্ৰ দেশত পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যই সাধাৰণ আৰু দৰিদ্ৰ শ্ৰেণীক জ্বলাকলা খুৱাইছে।

পেট্ৰ’লিয়ামৰ অকাশলঙ্ঘী দামৰ বাবে বৃদ্ধি পাইছে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ দামো। যাৰ ফলত জীয়াই থকাটোৱেই কষ্টকৰ হৈ পৰিছে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে।

pti06112021000055a-1047069-1635967218

এনে পৰিস্থিতিত ঝাৰখণ্ড চৰকাৰৰ পেট্ৰ’লৰ ওপৰত ৰাজসাহায্য প্ৰদানৰ ঘোষণাই যথেষ্ট সকাহ দিছে সাধাৰণ শ্ৰেণীক।

ঝাৰখণ্ড চৰকাৰে ঘোষণা কৰা মতে, ২৬ জানুৱাৰীৰ পৰা দুচকীয়া বাহনৰ বাবে পেট্ৰ’ল ৰাজসাহায্য প্ৰদান কৰা হব। ইতিমধ্যে এই আঁচনিক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰে।

চৰকাৰৰ এই আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ বাইক আৰোহীয়ে প্ৰথমে কিছু জৰুৰী কাৰ্য সম্পাদন লাগিব। এই ৰাজসাহায্য আঁচনিৰ সুবিধা লাভৰ বাবে প্ৰথমে কৰাব লাগিব পঞ্জীয়ন।

FJe-Ryx-Zac-AAZh-Br

মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে বৃহস্পতিবাৰে ইয়াৰ বাবে ‘চিএমএছপিএমএছপিআৰটিএছ’ এপ মুকলি কৰে। ঝাৰখণ্ডৰ ৰেচন কাৰ্ড ধাৰকসকলে আঁচনিখন লাভ কৰিবলৈ এই এপটোত পঞ্জীয়ন কৰিব পাৰে। ইয়াৰ উপৰিও, চৰকাৰী ৱেবছাইট http://jsfss.jharkhand.gov.in ভিজিট কৰিও পঞ্জীয়ন কৰিব পাৰিব লোকসকলে।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি বা ঝাৰখণ্ড ৰাজ্যিক খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা লাভ কৰা ৰেচন কাৰ্ড ধাৰকসকলৰ বাবে পেট্ৰ’ল ৰাজসাহায্য আঁচনিৰ লাভালাভ উপলব্ধ হ’ব বুলি জনাইছে চৰকাৰে।

FJn1m-Z-VIAIncqi

ৰাজ্য চৰকাৰৰ এই আঁচনিখনক লৈ যথেষ্ট আশাবাদী ৰাজ্যবাসী। এই আঁচনিয়ে দৰিদ্ৰ লোকসকলক ব্যয়বহুল পেট্ৰ’লৰ পৰা এক বৃহৎ সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

আঁচনিখনৰ অধীনত, যোগ্য লোকসকলে পেট্ৰ’লৰ ওপৰত প্ৰতি লিটাৰত ২৫ টকাৰ ৰাজসাহায্য লাভ কৰিব। এই ৰাজসাহায্য এমাহত কেৱল ১০ লিটাৰ লৈকে পেট্ৰ’লৰ বাবে উপলব্ধ হ’ব। অৰ্থাৎ ঝাৰখণ্ডৰ দুচকীয়া বাহন ব্যৱহাৰকাৰীসকলে প্ৰতি মাহে পেট্ৰ’লৰ ওপৰত ২৫০ টকালৈকে ৰাজসাহায্য প্ৰাপ্ত কৰিব। চৰকাৰে ডিবিটিৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰিব।

FJn-WR1-VWYAETGa7

কিন্তু সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে। ৰাজ্য চৰকাৰে ইয়াৰ বাবে কিছুমান চৰ্ত নিৰ্ধাৰণ কৰিছে। কেৱল যিসকলৰ ওচৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি বা ঝাৰখণ্ড ৰাজ্যিক খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডখনত পৰিয়ালৰ সকলো সদস্যৰ আধাৰ নম্বৰ প্ৰবিষ্ট কৰিব লাগিব।

আনহাতে ৰাজসাহায্য কেৱল ঝাৰখণ্ডত পঞ্জীয়ন কৰা দুচকীয়া বাহনৰ বাবেহে উপলব্ধ হব। ৰাজসাহায্যৰ ধন বাহনৰ মালিকৰ একাউণ্টলৈ যাব। ইয়াৰ বাবে থাকিব লাগিব বৈধ ড্ৰাইভিং লাইচেঞ্চ।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

G7

Leave a Reply

Your email address will not be published. Required fields are marked *