NE

কৃষক সকলৰ বাবে সুখবৰ! আজি কৃষকৰ একাউণ্টত সোমাব PM-KISAN আঁচনিৰ ধন…

দেশৰ কৃষক সকলৰ বাবে ভাল খবৰ।

আজি কৃষকৰ একাউণ্টত সোমাব PM-KISAN আঁচনিৰ ধন।

দেশৰ কৃষক সকলে লাভ কৰিব এইবাৰ নৱম কিস্তিৰ ধন।

দিনৰ ১২.৩০ বজাত কৃষকৰ একাউণ্টত সোমাব ধন।

কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ’ব দুহেজাৰ টকাকৈ।

দেশৰ ৯.৭৫ কোটি একাউণ্টত সোমাব এই ধন।

নৱম কিস্তিৰ বাবে ইতিমধ্যে ১৯ হাজাৰ ৫শ কোটি টকা মুকলাই দিছে কেন্দ্ৰীয় চৰকাৰে।

টুইটযোগে এই কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

উল্লেখ্য যে, হিতাধীকাৰীৰৰ তালিকাত আপোনাৰ নাম আছে নাই তাক জানিবৰ বাবে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ।

নম্বৰ দুটা হ’ল- ১৮০০১১৫৫২৬, ০১২০৬০২৫১০৯।

এই নম্বৰ দুটাত যোগাযোগ কৰি সকলো ধৰণৰ সমস্যাৰ বিষয়ে জানিব পাৰিব কৃষকসকলে।

pmkisan.gov.in ৱেবচাইটযোগেও সকলো তথ্য চাব পাৰিব কৃষকে।

Leave a Reply

Your email address will not be published. Required fields are marked *