অবিস্মৰণীয়! দীৰ্ঘদিনৰ পাছত পিতৃ-মাতৃৰ সৈতে জন্মদিন উদযাপন কৰি অভিভূত মীৰাবাঈ

নিউজ ডেস্ক। অলিম্পিকত পদক জয়েৰে ইতিহাস গঢ়া মণিপুৰৰ মীৰাবাই চানুৱে ৮ আগষ্টত উদযাপন কৰিলে নিজৰ জন্মদিন।

চানুৱে ভৰি দিয়ে ২৭ বছৰ বয়সত।

মীৰাবাঈৰ বাবে এই জন্মদিন আছিল অতি বিশেষ কিয়নাে দীৰ্ঘদিন অন্তত নিজৰ বাসগৃহত পিতৃ-মাতৃৰ উপস্থিতিত উদযাপন কৰিলে এই বিশেষ দিনটাে। তাতে আকৌ অলিম্পিকত পদক জয়ৰ গৌৰৱ।

মীৰাবাঈ চানুৱে টুইট কৰি কয় ”পৰিয়ালৰ সৈতে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত নিজৰ জন্মদিন উদযাপন কৰি মই অতি সুখী। অলিম্পিকত পদকৰ ৰূপত উপহাৰ লাভ কৰা বাবে এই জন্মদিন মােৰ বাবে আৰু অধিক বিশেষ হৈ পৰিল। মই সকলােকে তেওঁলােকৰ আশীৰ্বাদ তথা শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছােঁ।”

উল্লেখ্য যে মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত টকিঅ’ অলিম্পিক ২০২০ত ৰূপৰ পদক অৰ্জন কৰা ভাৰোত্তোলকগৰাকীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰী বাসগৃহতাে এই বিশেষ দিনটো উদযাপন কৰে।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। য’ত চানুৱে বীৰেন সিঙৰ সৈতে কেক কাটি থকা দেখুওৱা হৈছিল।

ভিডিঅ’টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী সিঙে লিখে, “মীৰাবাই চানুক তেওঁৰ ২৭ তম জন্মদিনত মোৰ চৰকাৰী বাসভৱনত পাই আনন্দিত হওঁ। তোমাক জন্মদিনৰ শুভেচ্ছা জনাইছো মীৰাবাই। তুমি দেশলৈ আৰু সুনাম কঢ়িয়াই আনা।”

উল্লেখ্য যে কেইদিমান পূৰ্বে চানুৱে প্ৰায় ১৫০ জন ট্ৰাক চালকক সম্বৰ্ধনা জনাই সমগ্ৰ দেশৰ হৃদয় জয় কৰিছিল।

Leave a Comment