দুঃখবৰ! জনপ্ৰিয় অভিনেতা অনুপম শ্যামৰ দেহাৱসান…

বলীউডৰ লগতে টিভি জগতৰ বাবে দুখজনক খবৰ।

জনপ্ৰিয় অভিনেতা অনুপম শ্যাম আৰু নাই।

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৩ বছৰ।

বিগত বহুদিন ধৰি একেলগে বহু কেইটা বেমাৰত ভুগি চিকিৎসাধীন হৈ আছিল অনুপম শ্যাম।

 শৰীৰৰ কেইবাটাও অংগ বিকল হৈ অৱশেষত আজি পুৱা মৃত্যুক সাৱটি লয় বিশিষ্ট অভিনেতাগৰাকীয়ে।

Image

অনুপম শ্যামে জনপ্ৰিয় ধাৰাবাহিক ‘প্ৰতিজ্ঞা’ত সজ্জন সিঙৰ চৰিত্ৰত অভিনয় কৰি অধিক জনপ্ৰিয় হৈ পৰিছিল।

বলীউডৰ দস্তক, দুশমন, সত্যা, দিল ছে, জখম, সংঘৰ্ষ, লগান, নায়ক, শক্তি, পাপ, জিজ্ঞাসা, ৰাজ, ৱেলডান, অব্বা, ৱান্টেড, কজৰাৰে, হজাৰ চৌৰাশী কী মা, মুন্না মাইকেল আদি ছবিত অভিনয় কৰিছিল অনুপম শ্যামে।

Leave a Comment