ক’ভিড ভেকচিন লোৱা ব্যক্তিয়ে ভ্ৰমণ কৰিব পাৰিব মেঘালয়ঃ কনৰাড চা‍ংমা

পৰ্যটকসকলৰ বাবে ভাল খবৰ।

উত্তৰ পূবৰ অন্যতম পৰ্যটনস্থলী মেঘালয় ভ্ৰমণ কৰিব পাৰিব পৰ্যটকসকলে।

১ চেপ্তেম্বৰৰ পৰা মেঘালয় ভ্ৰমণ কৰিব পাৰিব পৰ্যটকসকলে।

অৱশ্যে ইয়াৰ বাবে পৰ্যটক সকলে ক’ভিড ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব।

এই কথা ঘোষণা কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই

মেঘালয় ভ্ৰমণৰ বাবে চৰকাৰে বান্ধি দিছে নিয়ম…

ক’ভিড ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকসকলক মেঘালয় ভ্ৰমণ কৰাৰ অনুমতি দিছে মেঘালয় চৰকাৰে।

যদি কোনো পৰ্যটকে ভেকচিন গ্ৰহণ কৰা নাই অথবা ক’ভিড ভেকচিনৰ এটা ড’জ গ্ৰহণ কৰিছে তেন্তে তেওঁলোকৰ বাবে ক’ভিড পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট বাধ্যতামূলক হ’ব। অৱশ্যে এই ৰিপোৰ্ট ৭২ ঘন্টাৰ ভিতৰত পৰীক্ষা কৰা হ’ব লাগিব।

ৰাজ্যখনৰ স্থানীয় লোক সকল যিয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে মেঘালয়ৰ যিকোনো স্থানতে ভ্ৰমণ কৰিব পাৰিব।

Leave a Comment