অসম

২৮ তাৰিখৰ পৰা আগন্তুক ৪ দিনলৈ দেশৰ এইসমূহ ঠাইত একেৰাহে বন্ধ থাকিব বেংক…

২৮ তাৰিখৰ পৰা ৪ দিনলৈ একেৰাহে বন্ধ থাকিব বেংক৷

অৰ্থাৎ এই সপ্তাহত ৩১ তাৰিখলৈ থাকিব বেংক বন্ধ।

অৱশ্য ঠাইভেদে হ’ব বন্ধৰ তালিকাও ভিন্ন৷

ৰিজাৰ্ভ বেংকৰ বন্ধৰ তালিকা অনুসৰি কেন্দ্ৰীয় বেংকসমূহ আগষ্ট মাহত ১৫ দিন বন্ধ থাকে। সময় যোৱাৰ লগে লগে, বন্ধৰ দিন ক্ৰমান্বয়ে সমাপ্ত হৈছে।

অৱশ্যে, এই সময়ছোৱাত অনলাইন বেঙ্কিং আৰু এটিএম সেৱা কাৰ্যকৰী হ’ব।

আৰবিআইৰ তালিকাত বিভিন্ন ৰাজ্যৰ বাবে বিভিন্ন বন্ধৰ তালিকা দিয়া হৈছে।

সেই অনুসৰি, এই সপ্তাহত চাৰি দিনৰ ছুটি ঠিক কৰা হৈছে। অবশ্যে সকলো ৰাজ্যৰ বাবে বন্ধৰ দিন একে নহয়।

২৮আগষ্ট অৰ্থাৎ চতুৰ্থ শনিবাৰে বন্ধ থাকিব বেংক। ২৯ আগষ্ট অৰ্থাৎ দেওবাৰে বেংক বন্ধ থাকিব।

৩০ আগষ্ট শনিবাৰে জন্মাষ্টমী/কৃষ্ণ জয়ন্তীত আহমেদাবাদ (Ahmedabad), চণ্ডীগড় (Chandigarh), চেন্নাই (Chennai), দেৰাদুন (Dehradun), জয়পুৰ (Jaipur), জম্মু (Jammu), কানপুৰ (Kanpur), লক্ষ্ণৌ (LUcknow), পাটনা (Patna), ৰায়পুৰ (Raipur), ৰাচী(Ranchi), শ্বিলং (Shelong), ছিমলা (Shimla), শ্রীনগৰ (Srinagar), গেংটক (Gangtok) এই বিভিন্ন ঠাইৰ বেংক বন্ধ থাকিব।

৩১ আগষ্ট ২০২১ শ্রীকৃষ্ণ জন্মাষ্টমীৰ বাবে হায়দৰাবাদত (Hyderabad) বেংক বন্ধ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *