অসম

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি…

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি।

১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰত জন্ম হোৱা মহাপুৰুষজনাই অসমৰ সাহিত্য, সংস্কৃতিলৈ মেটমৰা অৱদান আগবঢ়াই গৈছে।

১৫৯৬ চনত মহাপুৰুষজনাই ইহলীলা সম্বৰণ কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য তথা অসমীয়া নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংগঠক, কবি, নাট্যকাৰ শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভ নামঘোষা।

১৫৭ টা বৰগীত ৰচনা কৰাৰ লগতে তেওঁ একাধিক ভটিমা, নাট, ঝুমুৰা আদি ৰচনা কৰিছিল।

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অসমৰ সত্ৰ, নামঘৰসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *